Saturday 12 July 2014

ফিৰিঙতি ২: ভৱেন্দ্র নাথ শইকীয়া




হয়টো কৈশোৰ অৱস্থা শেষ হোৱাৰ আগতে সকলোৰে মনত এটা বিদ্রোহী ভাব আহে।এই ভাবটো মনলৈ অহাৰ আগতে এজন শিশুৰ মনত ভাব এইটোৱেই থাকে যে অভিভাৱকে যি কৈছে সিয়েই সঁচা।তেনে এটা সন্দেহবাদী ভাব মনত অহাৰ আগতেই মানুহজনৰ কথা মোৰ অভিভাৱকে কৈছিল তেখেতে কৰিছে যেতিয়া ভাল হবসেয়া আশীৰ দশকৰ প্রথম ভাগৰ কথা।নতুনকৈ গুৱাহাটীলৈ আহিছো আৰু সমাজ বা পৃথিৱী সম্পর্কে একো পুর্ৱ ধাৰণা নাই।যি নতুন শিকিছো ঘৰৰ আবহাৱাৰ পৰা শিকিলো। এদিন এখন কিতাপৰ দোকানত এখন নতুন শিশু আলোচনী দেখি মাই সম্পাদকৰ নামটো দেখি এইখন আমাৰ বাবে ভাল হব বুলি কিনি আনিছিল।তাৰ পিছৰে পৰা কমেও এটা দশকলৈ মানে সেই বিদ্রোহী অবস্থাটো পোৱালৈ সেই শিশু আলোচনী খন আমাৰ  জীৱনলে উৎসাহৰ উৎস আছিল।
ইয়াৰ বাহিৰেও তেতিয়া আমি ৰেডিঅ শুনিছিলো-দেও বাৰৰ নাটকখনলৈ বৰ উৎসাহেৰে ৰখি আছিলো।তাৰ বাহিৰে একো মনত নাই( কাৰণ বেছিভাগ সময়তে নাটকলৈ ৰখি ৰখি শুই পৰিছিলো)।
ই্য়াৰ বাহিৰে কাৎচিত কেতিয়াবা চিনেমা চাব ওলাইছিলো। কিন্তু চিনেমাতকৈ বেছি চোৱা মনত আছে ভ্রাম্যমাণৰ নাটক।
পিছত ডাঙৰ হোৱাৰ পিছত শিশু আলোচনী খনৰ লগত প্রান্তিকো পঢ়িব ললোঁ ,গুৱাহাটীত শঙ্কৰদেৱ কলাক্ষেত্র হল চাই বৰ ভাল লাগিল।
গল্প উপন্যাস পঢ়াৰ স্বভাবো হল পঢ়োতে ভাব হৈছিল অসমীয়া গল্পত মনটোক বাহিৰলৈ লৈ যোৱাৰ একো বস্তুৱেই নাই।তেনেতে এখন গল্প পুঠি পঢ়িলো –‘এই বন্দৰৰ আবেলি
তাত গল্পৰ আকাৰ প্রকাৰ আৰু পটভুমি সম্পুর্ণ ফৰেণ-মানে আমি বিছাৰি থকা বাহিৰৰ জীৱন ,বাহিৰৰ চিন্তা ,বিচাৰ ভঙ্গী ইত্যাদি ইত্যাদি।
অলপ ডাঙৰ হলো ,বিদ্রোহী হলো ,তাৰপিছত আকৌ বিদ্রোহ পৰিহাৰ কৰি যিমান পাৰো  ৰিতি নীতি মানি চলিব ধৰি মন কৰিলো এই শৈষৱৰ মই জনক আজিৰ মই কৰি তোলোতে ওপৰৰ শিশু আলোচনীখন (সঁফুৰা),প্রান্তিক ,ৰেডিঅৰ নাটক, ভ্রাম্যমাণৰ নাটক ,কলাক্ষেত্রৰ পৰিকল্পনা ,অসমীয়া কথাছবি আদিয়ে এক যঠেষ্ট ডাঙৰ প্রভাৱ ৰাখিছে আৰু ওপৰত উল্লেখ কৰা বেছিভাগৰেই আঁৰত আছে এজন মানুহৰ চিন্তাচর্চা আৰু কঠোৰ পৰিশ্রম।
ময়েহে নে আমাৰ প্রজন্মৰ বহুজনৰে সেই একে অবস্থা।
বহু কম অসমীয়া লেখকে ৰক ষ্টাৰ ষ্টেটাচ পায়।কাৰণ অসমীয়াৰ পঢ়া সংস্কৃতিটো বৰ দুখলগা ।কিন্তু এই মানুহজনৰ স্তৰ তথাকথিত ৰকষ্টাৰ ষ্টেটাচকৈও অলপ ওপৰত আছিল।উদাহৰণ স্বৰুপে তেখেতৰ এখন হাতে অঁকা প্রতিছ্ছবি আমাৰ লগৰ এজনৰ কোঠালিত আৰি থোৱা আছিল ঠিক যেনেকৈ আমাৰ যুগত মাইকেল জেকচনৰ পষ্টাৰ অৰা হৈছিল তেনেদৰে।দুই এজন বাৰু তেঁওৰ বিষয়ে অজ্ঞ আছিল সেইটো বলেগ কথা (তেতিয়াও এতিয়াও,সেইটো বাৰু আমাৰ জাতীয় গুণ গতিকে তাৰ  বিষয়ে আলোচনা নৰাই ভাল)
আজি মই নিজকে এটা ক্ষেত্রত ভাগ্যবান বুলি ভাবো কিয়নো মই সেই মানুহজনক দুই তিনিবাৰ মান লগ পাইছো। এবাৰ দুবাৰ নাটক কৰোতে তেওঁক মাতিবলৈ গৈছিলো ,এবাৰ আমাৰ সংস্থা আৰোহীৰ নতুন বছৰৰ শুভেচ্চা পত্রৰে তেওঁক নতুন বছৰৰ ওলগ জনাবলৈ গৈছিলো।মোক কি কৰি আছা বুলি সোধাত যেতিয়া কলো মেডিকেল চুড়ান্ত বর্ষত-তেই কৈছিল অ তাৰমানে তোমাৰ বেয়া দিন আহিল।কথা পাতোতে ইমানেই সাধাৰণ ভাবে পাতে যে এইজন মানুহেই যে সেইজন ৰকষ্টাৰ তেনে অলপো নালাগিল।

আৰু কেইবছৰমান গল বহু বেয়া দিন গল ,দুই এটা ভাল দিনো গল ,তেনেতে সংবাদ মাধ্যমৰ যোগেৰে(মূলত: বাতৰি কাকত) তেওঁৰ ভগ্ন স্ব্যাস্থ্যৰ কথা আমাৰ সকলোৰে অৱগত হব ধৰিলে।সেইখিনি সময়ত সেইপিনেই প্রাইভেট প্রেকটিচ নামৰ বেয়া বস্তুটো কৰিব লগাত পৰিছিল। এদিন ক্লিনিকৰ পৰা আহি থাকোতে দেখিলো তেওঁৰ ঘৰৰ পিনৰ বাটত মানুহ জমা হবলৈ আৰম্ভ হৈছে।কি কাৰণত হব সেয়া ধৰিব  পাৰিলো।
সেয়ে ময়ো মটৰ চাইকেল ৰখাই আগবাঢ়িলো।
হয়টো তেতিয়ালৈ খবৰটো সকলোৱে গম পোৱা নাছিল বাবে ভিড় বৰ এটা বেছি হোৱা নাছিল মই তেখেতৰ ঘৰলৈ আগবাঢ়িলো
তেওঁৰ নশ্বৰ দেহাটো পৰি আছিল।  
সেইদিনা এক বৰ শূন্যতা অনুভব কৰিছিলো।কাৰণ আমাৰ জানি অহা বেছিভাগ প্রগতিশীল অসমীয়া বস্তুৰেই গুৰি ধৰোতা আছিল এইমানুহজন ।সেই শূন্যতা পূৰণ হৱনে? আমাৰ জাতিটো পাহৰা অকৃতজ্ঞ স্বভাৱটো লৈ চিন্তিত হৈছিলো।
তাৰপিছত ব্যক্তিগত কাৰণত মই গুৱাহাটী এৰিলো যে এৰিলোৱেই ।
তেওঁৰ মৃত্যুত মোৰ মনলৈ অহা উত্তৰটো পালো তাৰ বহুবছৰ পিছত ।২০১১ নে ১২ চন হব নেকি,এবাৰ গুৱাহাটীলৈ আহোতে বাতৰি কাকতত এটা সৰু বিজ্ঞাপন দেখিলো-তেখেতৰ পুণ্যতিথি উপলক্ষে গুৱাহাটীৰ চিগাল গোষ্ঠীয়ে তেখেতৰ গল্প আকাশৰ নাট্যৰুপ দিব।
হাতত সময় আছিল বাবে নির্দিষ্ট সময়ত গৈ ৰবীন্দ্র ভৱনত উপস্থিত হলো সেই মানুহজনৰ সৃষ্টিকর্মৰ সোৱাদ লবলৈ।
বছঁ ,কিছু সময়ৰ ভিতৰতেই তলে উপৰে সকলোতে মানুহ থাই খাই পৰিল।তাৰ মানে কিজানি আমি তেখেতক পাহৰা নাই,অন্তত: এতিয়ালৈ ।

আজি মৃত্যুৰ এঘাৰ বছৰ পিছত মানুহজনৰ সৃষ্টিকর্ম যেতিয়া পুনৰ বাৰ পঢ়িবলৈ লৈ তেওঁৰ কর্মৰাজীত মানবীয় গুণ সমুহ মন কৰিব ধৰিলো।অলপ অচৰপ লেখা মেলা কৰিবও চেষ্টা মাজে মাজে কৰো যদিও কেতিয়াও লিখা মেলা ক্ষেত্রত তেওঁৰ লেখনিৰ আশে যোৱাৰো মৰসাহ কৰা নাই।
ওপৰৰ কথাখিনিটো হয়েই ,তাৰোপৰি তেখেতৰ কিছুমান সৃষ্টিকর্মই সমাজ ব্যৱস্থাত এনে এক কিছুমান সফল প্রভাব আনিছে তেনে অন্য দৃষ্টান্ত কিজানি খুব কম  আছে।

এতিয়া ঘুৰি চাই নিজকে সুধিছো তেওঁ কি দিলে মোক?
তেওঁৰ এখন নাটকত(দীনবন্ধু) এজন সত কেৰাণীক যেতিয়া এজন যুবকে পইছা যাচি  দুর্নিতীৰ ওপৰতেই পৃথিৱীখন ছলি আছে বুলি কোৱাত মানুহজনে এইখিনি উত্তৰ দিছিল
সৎ কেৰাণী ঐ মৰি যাম ,স্বর্গলৈ যাম ,এই পৃথিৱীৰ মানুহৰ আগত নহলেও কোনোবা ঈশ্বৰৰ সমুখত মই বুকু ফিন্দাই ঠিয় হব পাৰিম সেইবোৰ কথাত মই বিশ্বাস নকৰো।কিন্তু মোৰ দুজনী ছোৱালী আছে:সিহত মোৰ কাৰণে ঈশ্বৰ। সিহঁত মোৰ কাৰণে জীৱনৰ আদালত।সিহতৰ আগত বুকু পোন কৰি ৰাখি মৰি যাব খোঁজো।ঘোচ নাখাও বুলি শপত খাই সিহতৰ মাকক মৰি যাবলৈ দিব পাৰিলো।এতিয়া তেওঁৰ জিয়েকৰ আগত মই মৰিব নোৱাৰো।এইটো অফিচত মোৰ তলৰ মানুহ কোনোবাখিনি পালেগৈ।মোৰ প্রমোচন নহল।অবাধ্য,অভ্দ্র,গোৱাৰ,নির্দয় অমানৱীয় কাৰণে।গতিকে পৃথিৱীখন কেনেকৈ চলি আছে তোমাতকৈ মই কম জানোনে?
ব্যক্তিগত ভাবে মই জীৱনত বহুবাৰ নৈতিকতা বা অনৈতিক কি তাক লৈ মানসিক কষ্ট পাইছো।আৰু প্রতিবাৰে প্রলোভনৰ সময়ত কিবা এটা জনা বুজা অনৈতিক কাম কৰিব খুজিলেও নাটকখনত সেই কেৰাণী জনৰ মুখেৰে উলিওৱা উক্ত কথাই মোক ধৰি ৰাখে।
আজি ভাল মানুহ হব পাৰিলো নে নাই মই কব নোৱাৰো কিন্তু ভাল মানুহ হোৱাৰ আহ:ৰহ চেষ্টাৰ মেৰুদন্দৰ মজ্জা কিন্তু মানুহজনে ঠিয় কৰাইছে।
মোৰ দৰেই হয়টো বহুজন অসমীয়াৰেই  জীৱনৰ বুনিয়াদত তেওঁ প্রক্ষেপ কৰা এটা দুটা ফিৰিঙতি নিশ্চয় পৰিছে।
 ভৱেন্দ্র নাথ শইকীয়া চাৰৰ ছৱিখনৰ চিত্রকৰ:মোহন কৃষ্ণ বুঢ়াগোহাঞি(অনুমতিৰ বাবে ধন্যবেদেৰে)
 

No comments:

Post a Comment