Tuesday 8 July 2014

ফিৰিঙতি ১:পাই খুড়া




আমি কিজানি এটা সৌভাগ্যবান প্রজন্ম।কাৰণ আগৰ শতিকাৰ জীৱন শৈলিনো কেনে আছিল আমি ভালকৈ দেখি আহিছো।হয়টো যোৱা শতিকাৰ নবৈৰ দহকৰ পৰা জীৱন নির্বাহৰ প্রতিটো প্রনালী দ্রুত ভাবে সলনি হবলৈ ধৰিলে।টিভি আহিল ,লগতে আইল কেবল,ডিচ,ফম ,মেট্র, মল ,মাল্টিপ্লেক্স,মোবাইল ,ইন্টাৰনেট ,ফ্লেট।ইমানবোৰ বস্তু একেলগে আহি জীৱন নির্বাহৰ সকলো পুর্ব ধাৰণাই সলনি কৰি দিলে।আমি ভাগ্যবান যে আমি সেই জীৱন যাপন কৰি আহিছো।আমাৰ বেছিভাগেই তাৰবাবে গৌৰবন্নিত।অ কেইজনমানে এনে আছে যি বর্তমানৰ দ্রুত ভোগবাদী জীৱন ধাৰাত ইমান মদমত্ত হৈ আছে যে কবই নোৱাৰে আমি কোন ,কি কৰিব আহিছো।
যি কি নহওক যিহেতু শৈষবত আমাৰ হাতত সময় আছিল গতিকে কল্পনা বিলাসৰ বাবেও ঠাই আছিল।সেয়ে কিতাপ আছিল সকলোৰে বাবে এই কল্পনা বিলাসৰ প্রধান আহিলা।এতিয়া কথা হল কিতাপ সকলো শিশুৰ বাবে নহয়।অসম মুলুকতটো শিশুৰ বাবে উপযোগী কিতাপৰ বাৰুকৈয়ে অভাৱ।
সেই সময়তে এজন মানুহে গোতেই ভাৰতৰেই শিশু সকলৰ এই অভাব পুৰন কৰিবলৈ আহিছিল এজন মানুহ।
অনন্ত পাই  
এজন মানুহৰ সপোন আৰু আগ্রহে কেনেকৈ বহুকেইটা প্রজন্মক উৎসাহিত কৰিব পাৰি পাই খুড়া তাৰ জলন্ত উদাহৰণ।অকল মোৰেই নহয় আমাৰ সমসাময়িক প্রায় দুটা প্রজন্মৰ বেছি ভাগৰেই ভাৰতৰ ইতিহাস ,দর্শন ,ধর্ম এই সকলোবোৰৰ বিষয়ে যিমান জ্ঞান আছে বেছিভাগৰ উৎস তেওৰ মানস পুত্র অমৰ চিত্র কথাৰ পৰা।
কেইদিন মান আগৰ পৰা মই আকৌ অমৰ চিত্র কথাৰ কিছুমান পুনৰ পঢ়িবলৈ লৈছো,সৰুতে সেইবোৰ পঢ়ি অভিভূত হৈছিলো তাৰ কাহিনী আৰু ছবিসমুহ চাই।এতিয়া আকৌ এবাৰ সেইবোৰ পঢ়ি অভিভূত হৈছো সেইবোৰৰ কলাত্মক দিশ,কাহিনীৰ কথন ভঙ্গী আৰু ছবি সমুহৰ আৰত থকা গভিৰ গবেষনাবোৰ মন কৰি।
সকলোবোৰৰ আৰম্ভণি হৈছিল এটা সৰু ঘটনাৰ ফিৰিঙতিৰ পৰা।
৬০ৰ দহকত তেও কাম কৰি আছিল আগশাৰিৰ বাতৰি কাকত টাইমচ অব ইন্ডিয়াত।সেই সংক্রান্তত দুৰদর্শনে পতা এটা কুইজ প্রতিযোগিতাত তেও গৈ মন কৰিলে যে ভাৰতীয় কিশোৰ কিশোৰী সকলৰ বিদেশৰ বিষয়ে যিমান সাধাৰন জ্ঞাণ আছে তাতকৈ নিজৰ দেশখনৰ বিষয়েই বহুত কম জ্ঞাণ আছে।
সেই ফিৰঙতিয়েই এটা আৰম্ভণি
মানুহজনে চাকৰি বাদ দি নিজৰ সপোনটোক বাস্তৱত প্রতিপন্ন কৰিবলৈ লাগি গল।বহু প্রকাশকৰ পৰা নাকচ হোৱাৰ পিছত নিজেই আৰম্ভ কৰিলে অমৰ চিত্র কথা।
তাৰ পিছৰ খিনি ইতিহাস
অমৰ চিত্র কথা ,টিংকল আৰু তাৰ চৰিত্রবোৰ প্রায় চাৰিটা দহক যুৰি প্রতিজন ভাৰতীয় কিশোৰৰ লগৰী হৈ পৰিল।
আজিও বহুসংখ্যক কিশোৰ কিশোৰীয়ে তাৰ সোৱাদ লোৱা দেখা যায়।
আৰু যে তেও অকল ভাৰতৰ এটা ক্ষেত্রৰ বাবেই কথা ভাবিলেই সেয়া নহয় ,অসমৰ লাচিত বৰফুকন ,জয়মতী,শংকৰদেৱ অমৰ চিত্র কথাত স্থান পাইছিল তাৰ লগতে ৰসৰাজৰ কিছুমান ধেমেলীয়া গল্পও টিংকলত দেখিব পাইছিলো।আৰু সেইবোৰতো ছবিৰ পিছপিনৰ প্রাকৃতিক দৃশ্য ,মানুহৰ গাৰ গঠন,পোচাক আদিটো গৱেষণা পৰিলক্ষিত হয়।আনহাতে সেই সময়ৰ বেছিভাগ ৰাষ্ট্রীয় পর্য্যায়ৰ মনোৰঞ্জনত উত্তৰ পুৱ হয় অবহেলিত নহলে বিকৃত ভাবে দেখুওৱা হৈছিল।ই যে অকল অসমবাসীৰ আমাৰ ইতিহাসৰ লগত পৰিচিত কৰি তেনে নঁহয় ,সর্বভাৰতীয় পর্য্যায়ত আমাৰ জাতীয় বীৰ সমুহক উপস্থাপন কৰাটো সহায় নিশ্চয় কৰিছে।
মই বর্তমান উত্তৰ প্রদেশৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত কাম কৰো আৰু ইয়াৰ ছাত্রাবাস এটাৰ নাম হল লাচিত বৰফুকন ছাত্রাবাস।আৰু ইয়াৰ উপাচার্য্যৰ কার্য্যালয়ত ভাৰতীয় নেতা আৰু বীৰ সকলৰ নাম আৰু ছবি আছে তাত লাচিত বৰফুকনো এজন।
এইবোৰত সেই এজন মানু্হে হাজাৰ হাজাৰ কিশোৰৰ বাবে দেখা সপোনৰ ফল নহয়নো কি ?
আৰু সকলো সম্ভৱ হৈছিল এটা সাধাৰণ ফিৰিঙতিৰ পৰা।     
সচাই এনেকুৱা ফিৰঙতিক আমি দিনে অবহেলা কৰি আছো!

No comments:

Post a Comment